নতুন দিল্লীঃ অশোভনীয় আচৰণৰ বাবে লোকসভাৰ পৰা বহিস্কৃত হ’ল ৬ কংগ্ৰেছ সাংসদ। ইয়াৰে দুগৰাকী হৈছে অসমৰ। বহিস্কৃত অসমৰ সাংসদ দুগৰাকী হৈছে কলিয়াবৰ লোকসভা সমষ্টিৰ গৌৰৱ গগৈ আৰু শিলচৰৰ সুস্মিতা দেৱ। বাকী কেইগৰাকী সাংসদ হৈছে মধ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি বহৰমপুৰৰ সাংসদ অধীৰৰঞ্জন চৌধুৰী, কে সুৰেশ আৰু ৰাঘৱন আৰু ৰঞ্জিতা ৰঞ্জন। বিক্ষোভ প্ৰদৰ্শনৰ সময়ত কাগজ ফালি অধ্যক্ষৰ চকীৰ দিশে দলিয়াই দিয়াৰ বাবেই এই ৬ কংগ্ৰেছ সাংসদক সংসদৰ পৰা বাহিৰ কৰি দিয়ে অধ্যক্ষ সুমিত্ৰা মহাজনে।
উল্লেখ্য যে সংসদত এনেধৰণৰ অভব্য আচৰণ কোনো নতুন কথা নহয়। যি দলেই বিৰোধী পক্ষত থাকে সেই দলেই এনে আচৰণ কৰি আহিছে। কিন্তু সোমবাৰে এই ৬ সাংসদৰ আচৰণে চৰম মাত্ৰা পোৱা বুলি মন্তব্য কৰে অধ্যক্ষ মহাজনে। গো-হত্যাৰ গইনা লৈ গণ প্ৰহাৰ কৰা ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাক লৈ বিৰোধীসকলে প্ৰতিবাদ কৰাৰ সময়তে অধ্যক্ষই উক্ত সিদ্ধান্ত গ্ৰহণ কৰে। স্পীকাৰৰ এই সিদ্ধান্তৰ পিছতে বিৰোধী আন দলসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে কংগ্ৰেছে। অধিৱেশন বৰ্জন কৰিব নে নাই সেই লৈও গুণা-গথা চলিছে।