মঙলদৈঃ “বাপা, পথটোত চাৰটে মান শিল পেলে টকা কেইটা খালাক৷ এহাতোক কোনেও নধৰে৷ আমি হে বুজছু জ্বালা৷ ছলি-পলি স্কুলত যাবা নৰে। বৰহেনোৰ পানীই মাটি ধুই নিয়াত শিলোৰ জাকা ওলাই আছে ৰাস্তাত৷ শিলোৰ ধৰি খোজকাৰবেই নৰি৷”-News Next Oneৰ সাংবাদিকৰ আগত এইদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে এগৰাকী ৭০ উৰ্ধৰ মহিলাৰ৷
চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি ক্ষোভ ব্যক্ত কৰা মহিলাগৰাকী দৰং জিলাৰ ছিপাঝাৰৰ কুৰুৱাৰ৷ সাংবাদিকৰ সন্মুখত ক্ষোভ জাহিৰ কৰি এমজি এনৰেগাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি একাংশ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে৷