83
বোকাজানঃ মদৰ বিৰুদ্ধে জাগিছে পাহাৰীয়া জিলাৰ ৰাইজ৷ মদমুক্ত অসম দাবী সমিতি অসমকে ধৰি কেইবাটাও সংগঠনে মদৰ বিৰুদ্ধে ৰাজ্যত আন্দোলন কৰাৰ সময়তে এইবাৰ জাগিছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ জনসাধৰণ৷
গ্ৰাম্য অঞ্চলত মদৰ বিপনী বন্ধ কৰাৰ দাবীত আজি ৰাজপথলৈ ওলাই আহে পাহাৰীয়া ৰাইজ৷ চাৰিচকীয়া বাহন, মটৰচাইকেল খোজকাঢ়ি ভাগে ভাগে ওলাই আহি মদ নিবাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি একপ্ৰকাৰ উত্তাল কৰি তোলে জিলাখন৷