নাৰায়ণপুৰঃ আপুনি শীতল পানীয় বা ফলৰ ৰস সেৱন কৰি ভাল পাই নেকি? তাতে আকৌ গৰমৰ বতৰ। নিশ্চয় বহুতেই ভাল পায়। কিন্তু সাৱধান! সেই ফলৰ ৰস বা শীতল পানীয়ই আপোনাৰ বা আপোনাৰ সন্তানৰ জীৱনলৈ মাতি আনিব পাৰে বিপদ। এনে এক ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ ঢলপুৰত।
হিন্দুস্থান ক’কা-ক’লা বেভাৰেজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ ১০ টকীয়া কাগজৰ মিনিট মেইড মেংগো নামৰ ফ্ৰুইট ড্ৰিংকছত ওলাইছে কেঁচু জাতীয় মাৰাত্মক বীজাণু। পেকেটত থকা আমৰ ৰস সেৱন কৰি বিষক্ৰিয়াত আক্ৰান্ত হ’বলগীয়াত হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী।