89
গুৱাহাটীঃ শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত মঙলবাৰে অসম ৰাজ্যিত ডি ৱাই এফ আইয়ে গুৱাহাটীৰ মহানগৰীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷
টেট শিক্ষক, হাইস্কুল সমূহৰ ঠিকা ভিত্তিক শিক্ষক, কম্পিউটাৰ শিক্ষক, সংযোগী শিক্ষকে ধৰি সকলো ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শিক্ষক তথা শিক্ষকৰ পৰিয়ালক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷