লংকাঃ পৌৰ সভা আৰু নগৰ সমিতিৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়৷ শীঘ্ৰে ৰাজ্যৰ নগৰ সমিতি-পৌৰ সভাত কৰ্মৰত লোকসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত বুধবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ জিলা উপাযুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷
হোজাই জিলাৰ চাৰিখন পৌৰ সভা তথা নগৰ সমিতি ক্ৰমে হোজাই, লংকা, লামডিং পৌৰ সভা আৰু ডবকা নগৰ সমিতিৰ কৰ্মচাৰী সকলে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ দাবী মানি লওক, চাকৰি নিয়মীয়া কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।