104
নাহৰকটীয়াঃ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰায় ৪১ গৰাকী লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ ৰাজপথ, জংঘল, বানৰ ফলত পথত জমা হোৱা পানীত বিদ্যুৎ তাৰ ছিঙি পৰি থকাৰ ফলত ৮ বছৰীয়া কিশোৰ, গাভৰু, যুৱক সহিতে ৰাজ্যৰ প্ৰায় ৪১ গৰাকী লোকৰ মৃত্যু হয়৷
ইমানৰ পাছতো ‘মোৰ বাতৰি কৰিলে টি আৰ পি পাই’ বুলি সংবাদ মাধ্যমক উপলুঙা কৰাৰ লগতে মন্ত্ৰী পল্লৱলোচন দাসে সতীৰ্থ মন্ত্ৰীৰ খতিয়ান সভাত হাঁহি হাঁহি শিক্ষকক অপমান কৰে৷