শিৱসাগৰঃ নাজিৰাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ফেঁহুজালি অাৰু শিৱসাগৰ জিলা বিজেপিে অাজি ৰূদ্ৰসাগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণি পুখুৰী পাৰত অনুষ্ঠিত কৰে পশু চিকিৎসা শিবিৰ।
পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মণ, ডাঃ অমৃত তামুলীয়ে এই শিবিৰত চিকিৎসা সেৱা অাগবঢ়ায়। শিবিৰত বিজেপি শিৱসাগৰ জিলা সভাপতি ভৱেন মহন, শিৱসাগৰ জিলা পশু চিকিৎসা বিষয়া ডাঃ ফনীন্দ নাথ গোস্বামী, ক্ষেত্ৰ সহায়ক জিতু দুৱাৰা, চিকিৎসাকৰ্মী থমাচ বসুমতাৰী, ফেঁহুজালি সম্পাদক ললিত দত্ত, ৰূপহী বিলৰ গাঁওবুঢ়া বিনোদ গগৈ, সমাজকৰ্মী পৰেশ দাস উপস্থিত থাকে।