কোকৰাঝাৰঃ বিটিএডিৰ চাৰি জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি বড়ো কৰ্মচাৰী সন্থাৰ উদ্যোগত সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবীত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
ইয়াৰে অংশস্বৰূপে আজি কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত বড়ো কৰ্মচাৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত জিলাখনৰ প্ৰায় দুই সহস্ৰাধিক বড়ো পুৰুষ-মহিলা কৰ্মচাৰীয়ে হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ “ন বড়োলেণ্ড ন ৰেষ্ট, উই ওৱান্ট বড়োলেণ্ড, জয় বড়ো হাৰিনি জয় ” ইত্যাদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে৷