দেৰগাঁওঃ ‘মই সন্তান কেইটাৰ বাবে সকলো শেষ কৰিলো৷ এতিয়া মোৰ সম্পত্তি বুলিবলৈ একো নাই৷ ভেটিৰ মাটি বিক্ৰী কৰি হ’লেও সন্তানৰ চিকিৎসা কৰাৰ মন মোৰ৷ হয়তো ঘৰৰ ভেটিতো বিক্ৰী কৰিব লাগিব।’-এই অসহায় আৰু আৱেগিক মন্তব্য এগৰাকী দুৰ্ভগীয়া পিতৃৰ৷
জীৱনৰ সকলো ৰং সন্তানৰ নামত উছৰ্গা কৰা মানুহজনৰ নাম চেনীৰাম শইকীয়া৷ গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা প্ৰায় ১৫ কিঃ মিঃ নিলগৰ বানে গৰকা ১নং গড়মৰা গাঁৱত ঘৰ চেনীৰাম শইকীয়াৰ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সন্তান আছিল যদিও অশেষ কষ্ট কৰি সুখৰে চলি আহিছিল চেনীৰামে৷ আজিৰ পৰা প্ৰায় ২২ বছৰ পূৰ্বে চেনীৰামে বিবাহপাশত আবদ্ধ হৈ পিতৃ প্ৰদত্ত মাটিত খেতি কৰি সংসাৰ চলাই আহিছিল৷