ডিজিটেল ৰিপ’ৰ্টঃ বান পৰিস্থিতিৰ বুজ ল’বলৈ অহা ১ আগষ্টত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদী। অসমত উপস্থিত হৈয়েই প্ৰথমে বান বিধ্বস্ত অঞ্চসমূহ হেলিকপ্টাৰেৰে পৰিদৰ্শন কৰিব মোদীয়ে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শীৰ্ষ বিষয়াসকলৰ সৈতেও বান পৰিস্থিতি সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
উল্লেখ্য যে এতিয়ালৈ বানৰ ফলত ৰাজ্যখনত অৰ্ধশতাধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে গৃহহীন হ’বলগীয়া হৈছে লক্ষাধিক লোক। তৎসত্বেও ৰাজ্য চৰকাৰে পৰ্যাপ্ত বান সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। একেদৰে কেন্দ্ৰ চৰকাৰেও বিষয়টোত কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষুব্ধ হৈ পৰে বানাক্ৰান্ত ৰাইজ তথা ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন।