95
গোগামুখঃ পৈতৃক সম্পত্তিৰ বাবে ভাতৃৰ হাতত প্ৰাণ গ’ল ভাতৃৰ। ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ৰূপহীগড়পৰা গাৱঁত দেওবাৰে পুৱাই সংঘটিত হয় এক জঘন্য কাণ্ড।
প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, দীৰ্ঘদিন ধৰি দুই ভাতৃ বিপুল বৰা আৰু ৰঞ্জিত বৰাৰ মাজত মাটি-বাৰীক লৈ কাজিয়া চলি আহিছিল। যোৱা শুকুৰবাৰেও চোতালতে দুই ভাতৃৰ মাজত তুমুল কাজিয়াৰ সূত্ৰপাত হৈছিল।