ডিজিটেল ডেস্কঃ বিজেপিৰ লগত থাকিয়েই বিজেপি বিৰোধী ভাষণেৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফটি। নতুন দিল্লীত আয়োজিত কাশ্মিৰীসকলৰ এক অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে বিশেষ সাংবিধানিক মৰ্যাদা প্ৰত্যাহাৰ কৰিলে ভূস্বৰ্গত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ আৰু ‘জন গণ মন’ গাবলৈ এজনো লোকক বিচাৰি পোৱা নাযাব।
অনুষ্ঠানটোত তেওঁ কয়, ‘একাংশ সুবিধাবাদী চকু-চৰহা লোকে আমাৰ নিজৰ পতাকা আৰু সংবিধানৰ ৩৭০ ধাৰাক লৈ আপত্তি দৰ্শাই আহিছে। তেওঁলোকে জনা উচিত যে এই দুয়োটাই প্ৰতিজন কাশ্মীৰি লোকৰ প্ৰাণতকৈয়ো আপোন। এয়া হৈছে জম্মু-কাশ্মীৰৰ নিজস্ব পৰিচিতি। ইয়াক লৈ কোনো কাশ্মীৰিয়ে জীয়াই থকাৰ কথা কল্পনাই কৰিব নোৱাৰে।’