গোৰেশ্বৰঃ ৰাজ্যৰ আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই ৰাইজ, প্ৰশাসন আৰু বন বিভাগৰ চকুত ধূলি দি বনজ সম্পদ ধ্বংস কৰি চোৰাংকৈ সৰবৰাহ কৰিছে বালি-শিল৷ বাক্সা-কামৰূপ জিলাৰ গুৰুত্বপূৰ্ণ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ সুবাদতে ক্ৰেছাৰ মেচিন বহুৱাই ঠিকাদাৰগৰাকীয়ে ৰাজ্যৰ আন ঠাইলৈ শিল বালি কঢ়িওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ প্ৰয়োজনীয় শিল বালি ভাৰত-ভূটান সীমান্তৱৰ্ত্তী নৈৰ পৰা সংগ্ৰহ কৰাৰ বাবে অনুমতি লয় ঠিকাদাৰগৰাকীয়ে। কিন্তু ঠিকাদাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি পথটোৰ গইনা লৈ দিনে নিশাই ডাম্পাৰেৰ সৰবৰাহ কৰিছে বালি-শিল৷ ক্ৰেছাৰ বহুৱাই বালি শিল পথটোত নেপেলায় ৰাজ্যৰ আন প্ৰান্তলৈ সৰবৰাহ কৰে৷