নাওকাটাঃ জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক৷ দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই হাৰ নমনা যুৱকজনে ৮ জনীয়া পৰিয়াল পোহপাল দি আহিছে৷ মনত দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক প্ৰতিবন্ধকতা যে বাধা হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰি দেখুৱাইছে বাক্সা জিলাৰ সুৱাগপুৰৰ যুৱক বিনোদ বিশ্বকৰ্মাই।
অঞ্চলটোৰ অতি দৰিদ্র খৰ্গ বাহাদুৰ বিশ্বকৰ্মাৰ পুত্ৰ বিনোদে এখন ভৰি নোহোৱা সত্বেও জীৱন-যুদ্ধত হাৰ মানিব নিবিচাৰি এখন জুৱেলাৰীত কাম কৰি নিজৰ লগতে পৰিয়ালৰ পোহপাল দি সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।