শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধান শিক্ষকসকলক মাতি কৈফিয়ৎ তলব কৰাৰ পিছতেই চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ তুমুল চৰ্চা চলিছিল যদিও লাহে লাহে সেয়া তল পৰিল। চৰকাৰী শিক্ষা ব্যৱস্থাৰ কেৰোণ তাতেই, সমস্যা এটাৰ সমাধান সূত্ৰ নোহোৱাকৈয়ে সেয়া তল পৰি যায়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱাৰ কাৰণেই প্ৰধান শিক্ষকসকলক দায়ী কৰি কৈফিয়ৎ তলব কৰাৰ পূৰ্বে শিক্ষামন্ত্ৰীয়ে এবাৰৰ বাবে হ’লেও ভাবিছেনে ৰাজ্যত প্ৰাথমিক শিক্ষা খণ্ডৰ পয়ালগা অৱস্থাৰ কথা? যি ছাত্ৰৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নহয়, সেই ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব কিদৰে?
প্ৰাথমিক শিক্ষা বাধ্যতামুলক হোৱাৰ পিছৰে পৰা ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তি বাঢ়িছে ঠিকেই, কিন্তু গুণগত শিক্ষা এতিয়াও সুদূৰ পৰাহত । যিখন ৰাজ্যত শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতো কিতাপৰ বাবে চাৰি-পাঁচ মাহ অপেক্ষা কৰিব লাগে, য’ত কিতাপৰ বাবে আন্দোলন কৰিব লাগে, যি পাঠ্যপুথিত বাৰে পাচি ভুল থাকে, যি ৰাজ্যত শিক্ষক অবিহনে বিদ্যালয় চলে, য’ত এগৰাকী শিক্ষকে পাঁচটা শ্ৰেণী চলাবলগীয়া হয় , য’ত শিক্ষকে নকল কৰি বহিষ্কাৰ হয়, য’ত শিক্ষকে মাতাল হৈ শ্ৰেণী কোঠালৈ যায় তেনে নাভূত-নাশ্ৰুত কাণ্ড-কাৰখানা দেখি কোন সতেৰে সচেতন অভিভাৱকে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাব? সচেতন অভিভাৱকে নিজৰ ল’ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুওৱাটো স্বাভাৱিক আৰু সেয়েহে ব্যাক্তিগত খণ্ডৰ বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ বেছি হোৱাটোও স্বাভাৱিক।