চৰাইদেউঃ অসমৰ জাতীয় উদ্যোগ প্ৰতিষ্ঠান হিচাপে চিহ্নিত আৰু নৱৰত্নৰ স্বীকৃতি প্ৰাপ্ত অইল ইণ্ডিয়া লিমিটেডক আই.অ.চি ৰ সতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে তাৰ বাবে শেহতীয়াকৈ যি প্ৰস্তুতি চলাইছে তাৰ তীব্ৰ গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে প্ৰধানমন্ত্ৰীৰ বৃহৎ তৈল উদ্যোগ গঢ়াৰ সপোনত হাজাৰ হাজাৰ অসমীয়া লোকৰ জীৱিকা আৰু আশা ভৰসাৰ থল তথা অসমবাসীৰ আৱেগ-অনুভূতি বিজড়িত অইল ইণ্ডিয়া লিমিটেডক আই.অ.চি ৰ সৈতে চামিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পদক্ষেপ অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক।