মানুহক বাদ দি অৰ্থাৎ মানুহ অবিহনে এই পৃথিৱীত কোনো মানুহ ঠিয় হৈ থাকিব পাৰেনে? মানুহ শব্দৰ অৰ্থ মনুষ্য, ব্যক্তি। পৃথিৱীৰ জীৱবোৰৰ ভিতৰত মানুহ আটাইতকৈ বুদ্ধিমান প্ৰাণী। মানুহৰ বাবে সংসাৰত মানুহতকৈ ডাঙৰ আৰু একো নাই। এই পৃথিৱীত মানুহক বাদ দি মানুহৰ কোনো কাম সম্ভৱ নহয়।
মানুহৰ সকলো সৃষ্টি-প্ৰেৰণা, চিন্তা-চেতনাৰ উৎস মানুহ। মানুহৰ ওপৰত মানুহৰ প্ৰভাৱ অসীম, অতুলনীয়। মানুহৰ সহায়-সহযোগ নোহোৱাকৈ কোনো মানুহ আগবাঢ়ি যাব নোৱাৰে। এজন মানুহ ঠিয় হৈ থকা মানে এই কথা বুজিব লাগিব যে পৰিয়াল, লগ-বন্ধু আৰু ওচৰ-পাজৰৰ কোনোবা নহয়, কোনোবাৰ সহায়-সহযোগিতাতহে সেয়া সম্ভৱ হৈছে। মুঠতে এই কথা ঠিক যে এজোপা বৰগছ ঠিয় হৈ থকাত তলৰ সৰু-সুৰা ঘাঁহ-বন, দুবৰি কেইডালৰো গুৰুত্ব অপৰিসীম।