Home অন্যান্য খবৰবান্ধ, মধ্যপ্ৰাচ্যৰ হুংকাৰ

বান্ধ, মধ্যপ্ৰাচ্যৰ হুংকাৰ

by News Desk
67 views
A+A-
Reset

অসমৰ বান সমস্যাক লৈ আৱেগৰ ৰাজনীতি কৰিবলৈ আটাইতকৈ সহজ। আৰু ইয়াৰেই সুযোগ লৈ স্বৰাজোত্তৰ কালত দিল্লী কি দিছপুৰ সকলোৱেই সেই একেই কায়দা-কিটিপেৰে ৰাজ্যৰ জনতাক অতি আয়ামেৰে প্ৰতাৰণা কৰি আহিছে। বান জনগণৰ বাবে হাহাকাৰ, জনপ্ৰতিনিধিৰ কাৰণে হাঁহি। এই লৈ চৰ্বিত-চৰ্বন নিশ্চয় নিষ্প্ৰোয়জন। কিন্তু ইয়ে জনগণক দিনৌ সংকটৰ গৰাহলৈ ঠেলি দিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিয়ে আন এক ভয়ংকৰ দিশ উন্মোচন কৰিছে। বিশেষজ্ঞয়েই নহয়, খোদ ৰাইজেও আজি কেইবা বছৰ ধৰি শংকা প্ৰকাশ কৰি আহিছে যে, বৃহৎ নদী বান্ধে অসমৰ জন-জীৱন, জীৱ বৈচিত্ৰ, প্ৰকৃতিৰ প্ৰতি গুৰুতৰ ভাবুকি মাতিব। ভূ-কম্পনপ্ৰৱণ অসম তথা উত্তৰ পূবত বৃহৎ নদী বান্ধ কেতিয়াও ৰাইজৰ হিতে যে হ’ব নোৱাৰে সেই কথা ৰাইজ তথা বিশেষজ্ঞই কৈ অহাৰ সময়তেই তাৰো বাস্তৱিক প্ৰমাণ পোৱা গ’ল এইবাৰৰ বানত।

নীপ্‌কোই ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত যি দুৰ্যোগৰ সৃষ্টি হ’ল সি বৰ্ণনাতীত। এই মজলীয়া বান্ধটোৱেই যদি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, তেন্তে বৃহৎ একোটাহঁত বান্ধে কি ধৰণৰ ধ্বংসলীলা চলাব পাৰে সেয়া ভাবিলেই সন্মুখত কেৱল এক কাল অমানিশাৰ ভৱিষ্যত। কিন্তু এই লৈ চৰকাৰে কোনো সুস্পষ্ট উত্তৰ বা সমিধান ৰাইজক দিব পৰা নাই। অৰ্থাৎ ৰাইজে বিচাৰিছে যে, অসমত বৃহৎ নদী বান্ধৰ প্ৰয়োজন নাই; প্ৰয়োজন যদি হয় তেন্তে ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধহে দৰকাৰ বিদ্যুৎ উৎপাদনৰ বাবে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0