62
বাইহাটাঃ গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে পুনৰ স্কুললৈ যাবলৈ আৰম্ভ কৰিছে৷ বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ হোৱাৰ তিনিদিন পাছত আজি উৎকট গৰম সহিব নোৱাৰি ৫ গৰাকী ছাত্ৰীয়ে প্ৰৰ্থনা কৰি থাকোতেই মূৰ্ছা যায়৷
কমৰূপ জিলাৰ কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত কৰৰা পাতিদৰং হাইমাদ্ৰাছাৰ ৫গৰাকীকৈ ছাত্ৰী উৎকট গৰমৰ ফলত সংজ্ঞাহীন হৈ পৰাত শিক্ষানুষ্ঠানখনত হুৱা-দুৱা লাগে।