নগাঁওঃ শিক্ষিত নিৱনুৱাই যি সময়ত কৰ্মসংস্থাপনৰ অভাৱত দিক-বিদিক হেৰুৱাইছে তেনে সময়তে নগাঁও জিলাৰ একাংশ যুৱকে ব্যস্ত হৈ পৰিছে ক্ষৌৰকৰ্মত৷ চৰকাৰী চাকৰিৰ আশা মনৰ পৰা আতৰাই নগাঁও জিলাৰ বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলাৰ বিপৰীতে এচাম উদ্যমী শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে আকৌ নিজা ঐকান্তিক প্ৰচেষ্টাৰে স্বাৱলম্বী হোৱাৰ আপ্ৰাণ প্ৰয়াস চলোৱা দেখিবলৈ পোৱা গৈছে ৷
চৰকাৰী চাকৰিৰ এনে মহঙা দিনত এই পৰিশ্ৰমী যুৱক-যুৱতীসকল পথভ্ৰষ্ট নহৈ বাৰীৰ ফল-মূল কিম্বা শাক-পাচলি আদি বিক্ৰী কৰি পোৱা সঞ্চিত ধনৰ লগতে বেংকৰ পৰা ব্যক্তিগত ঋণ লৈ হ’লেও বিভিন্ন উপায়েৰে কষ্ট স্বীকাৰ কৰি আত্মনিৰ্ভশীলতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷