65
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ উত্তৰ চৌতাৰাত এটি ৯ বছৰীয়া শিশুক দুজন লোকে ধৰ্ষণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷
জোৰশিমুলী আৰক্ষী চকীৰ এলেকাৰ উত্তৰ চৌতাৰা গাৱৰ ৯ বছৰীয়া শিশুটিয়ে সোমবাৰে অকলশৰে কালাতলীৰ পৰা চৌতাৰাস্থিত নিজ ঘৰলৈ আহি থকা অৱস্থাত একে গাঁৱৰে গহেৰ আলী (৩৫) আৰু জামাল উদ্দিন (২৮) নামৰ লম্পট দুজনে বাটত লগ পায়।