ৰঙিয়াঃ ৰঙিয়া অঞ্চলৰ সমাজকৰ্মী বছিৰ আলীয়ে মৃত্যুক আকোৱালি লয়। এশ বছৰ গৰকা আলীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰঙিয়া কাজিগাওঁস্থিত ঘৰ গুনমুগ্ধৰে ভৰি পৰে৷ ৰঙিয়াৰ বিভিন্ন দল সংগঠনে আলীৰ ঘৰত মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।
আলী কাজিগাঁও অঞ্চলৰ বিভিন্ন সামাজিক কামৰ লগত জৰিত থকাৰ উপৰিও ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ লগত জৰিত আছিল। আনকি ৰঙিয়া কৃষক শ্বহীদ ভৱন সমিতিৰ তৰফৰ পৰা ২০১১ চনত ঐতিহাসিক ১০ জানুৱাৰীত বছিৰ আলীক সম্বৰ্ধনা জনোৱা হৈছিল।