ঢেকীয়াজুলিঃ ৰাজ্যত দুবাৰকৈ হোৱা প্ৰলয়ংকাৰী বানে মষিমুৰ কৰিছে কৃষকৰ সপোন৷ নিজৰ পথাৰ খনতেই জীৱনৰ বুটা বচা কৃষকসকলৰ এতিয়া মূৰে কপালে হাত দিয়া অৱস্থা৷ কিন্তু তাৰ মাজতেই শোণিতপুৰ জিলাৰ জিলা কৃষি বিভাগ কৃষকলৈ কঢ়িয়াই আনিছে সুখবৰ৷
এতিয়া জিলাখনৰ কৃষকে ভাদ মাহতো কৰিব পাৰিব ধানৰ খেতি৷ বানপানী শুকোৱাৰ পাছত কৃষকসকলে পথাৰত ধানৰ খেতি কৰিবৰ বাবে জিলা কৃষি বিভাগে কৃষকক যোগান ধৰিব শালি ধানৰ কঠিয়া৷ সাম্ভাব্য দুৰ্যোগৰ আগজাননী পায়েই জিলাখনৰ কৃষি বিভাগটোৱে চতিয়া কৃষি খণ্ডৰ অন্তৰ্গত “বাকুলা কৃষি ফাৰ্ম”ত ৬০ বিঘা মাটিত সিঁচি থৈছিল এই কঠিয়াসমূহ৷ উল্লেখ্য যে, ভাদ মাহত ৰুলেও ভাল ফচল পাব পৰা বিবিধ জাতৰ শালি ধানৰ কঠিয়া সিঁচি বৰ্তামানে ৰুৱাৰ উপযোগী কৰি ৰখা হৈছে এই কঠিয়াসমূহ৷