লালুকঃ আদি-মিচিং বানে কেবাং আৰু টি এম পি কে কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দলে নীপকোৰ পানীয়ে ব্যাপক ক্ষতি কৰা বানে বিধ্বস্ত লখিমপুৰ জিলাৰ ৰঙানদী পাৰৰ কেইবাখনো গাঁও পৰিদৰ্শন কৰে।
আদি-মিচিং বানে কেবাঙৰ সভাপতি ৰাজু মেদক, সম্পাদক প্ৰধান অকম য়চুং, অৰুণাচল প্ৰদেশৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী তথা সক্ৰিয় সমাজ কৰ্মী ৰডিং পেৰ্টিন, টি এম পি কেৰ উপ সভাপতি দিলীপ পেগু, সাধাৰণ সম্পাদক পদ্মলোচন দলে, প্ৰচাৰ সম্পদাক সঞ্জীৱ দলে, শিক্ষা সম্পাদক ৰিদিপজেক দলে, কেন্দ্ৰীয় সদস্য বিপ্লৱ টাইড, আদি বানে কেবাং মহিলা গোটৰ সভানেত্ৰী য়ালেম তাগা বৰাং, এম এম কেৰ সদস্য নীম পেগু, মিচিং মহিলা সংগঠনৰ নেত্ৰী বিনিতা চা’ৰে বান বিধ্বস্ত লখিমপুৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়৷