নলবাৰীঃ এগাৰাকী বিবাহিত মহিলাই গাত জুই লগাই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাত৷ জানিব পৰা মতে, মঙলবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পালাংদিত সবিতা বৰ্মন নামৰ মহিলাগৰাকীয়ে গাত কেৰাচিন ঢালি অগ্নি সংযোগ কৰে৷ সমগ্ৰ দেহত জুই লগাত পৰিয়াল তথা ওচৰ-চুবুৰীয়াই জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও মহিলাগৰাকীৰ শৰীৰ প্ৰায় ভাগে অগ্নিদগ্ধ হয়৷
লগে লগে মহিলাগৰাকীৰ স্বামী নাৰায়ন বৰ্মনে ১০৮ এম্বুলেঞ্চ যোগে জি এম চি এইচত ভৰ্তি কৰে যদিও চিকিসাধিন অৱস্থাতেই মহিলাগৰাকীৰ মৃত্যু হয়৷ বুধবাৰে নিশা মহিলাগৰাকীৰ মৃতদেহ স্বামীগৃহ আহি পোৱাৰ পিছত মাতৃগৃহৰ লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷