Home ৰাজ্যকোকৰাঝাৰত জনজাতিকৰণৰ দাবীত নাথ যোগী ছাত্ৰ সন্থাৰ ধৰ্ণা

কোকৰাঝাৰত জনজাতিকৰণৰ দাবীত নাথ যোগী ছাত্ৰ সন্থাৰ ধৰ্ণা

by News Desk
53 views
A+A-
Reset

কোকৰাঝাৰঃ ৰাজ্যত বসৱাস কৰা নাথ যোগীসকলৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক দিশত সৰ্বাংগীণ বিকাশৰ স্বাৰ্থত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৩৪২ নং অনুচ্ছেদৰ আধাৰত প্ৰায় ৮ হেজাৰ বছৰ পুৰণি প্ৰাচীন ইতিহাস সমৃদ্ধ নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰ সমৰ্থনত আজি কোকৰাঝাৰ সদৰ চহৰত  সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল প্ৰতিবাদী ধৰ্ণা  কাৰ্যসূচী ৰূপায়ন কৰা হয়।

সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা কমিটিৰ সহযোগত কোকৰাঝাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিকটত ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বিটিএডিৰ চাৰিওখন জিলাৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহন কৰে। জনজাতিকৰণৰ দাবীকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত আজি কোকৰাঝাৰ সদৰ চহৰত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0