কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বৰুৱাপাৰাৰ এগৰাকী বিবাহিতা মহিলাই স্বামীৰ অকৰ্থ্য নিৰ্যাতন সহিব নোৱাৰি অৱশেষত বিষপান কৰি আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিষপান কৰি আত্মহত্যা কৰা বিবাহিতা মহিলাগৰাকীক জাহানাৰা বেগম বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে যোৱা দুবছৰ পূৰ্বে ধুবুৰী জিলাৰ শিমলাবাৰীৰ মেহেৰ মণ্ডলৰ সৈতে সামাজিক নীতি নিয়মানুসাৰে বৰুৱাপাৰাৰ কলিমদ্দিন হকৰ জীয়ৰী জাহানাৰা বেগম বিবাহপাশত আৱদ্ধ হয়৷ বিষপান কৰি আত্মহত্যা কৰা জাহানাৰা বেগমৰ পৰিয়ালে ঘটনাসন্দৰ্ভত সাপটগ্ৰাম উপ আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মৰ্মে বিবাহৰ পিছৰে পৰা স্বামী মেহেৰ মণ্ডলে যৌতুক বিচাৰি পত্নী জাহানাৰা বেগমক মাৰপিট আৰম্ভ কৰে৷