নগৰবেৰাঃ ‘‘এখন শিক্ষানুষ্ঠান খোলা মানে এখন কাৰাগাৰ বন্ধ কৰা৷’’- দিনযোৰা কাৰ্যসূচীৰে কামৰূপ জিলাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ত পালন কৰা ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসংগত এনেদৰে মন্তব্য প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ বিভূতি ভূষণ পাণ্ডাই৷
আজি মহাবিদ্যালয়খনৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ আৰম্ভণি ঘটে পতাকা উত্তোলনেৰে৷ ইয়াৰ পাছতেই নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিয়ে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপকসকলৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷