নাৰায়ণপুৰঃ ধলপুৰত কেন্দ্ৰস্থলৰ সমীপত দেওবাৰে পুৱা এক পথ দুৰ্ঘটনা সংঘটিত হয়। বৰপেটাৰ পৰা জোনাই অভিমুখী AS-15C-0945 নম্বৰৰ অৰুনিমা নামৰ নৈশ বাছ খনৰ লগত একে দিশত অহা যোৰহাটৰ পৰা লখিমপুৰ অভিমুখী ৰিশ্বি নামৰ নৈশ বাছখন ধলপুৰ ১৫ নং ৰাষ্টীয় ঘাই পথত অভাৰট্ৰেক কৰোতেই বাছ দুখন খুন্দা খোৱাৰ ফলত দুৰ্ঘটনাত পতিত হয়।
বৰপেটাৰ পৰা অহা অৰুনিমা বাছ খনৰ চালকজন গুৰুতৰ ভাবে আহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী আঘাত প্ৰাপ্ত হয়৷ গুৰুত্বৰ ভাবে আহত চালক জনক স্থানীয় ৰাইজে ততাতৈয়াকৈ ঢলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও ছালকজনৰ মৃত্য হয়। মৃত চালকজনৰ নাম জাহাৰুল ইছলাম, ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে৷