ডিজিটেল ৰিপ’ৰ্টঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছসকলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে ভাৰতক স্বাধীন কৰিছিল বুলি ক’বলৈকো যেন কুণ্ঠাবোধ নকৰিব ডলাৰ বগৰী নেতা তথা সৰ্বা চৰকাৰৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে এটি বিতৰ্কিত টুইট আপলোড কৰি পিছত ডিলিট কৰা কাৰ্যই এনে সম্ভাৱনাকে প্ৰকট কৰি তুলিছে।
কংগ্ৰেছত থকা সময়ত সুদীৰ্ঘ সময় ধৰি দলটোৰ হাই কমাণ্ডক সন্তুষ্ট কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই যোৱা এইজন হিমন্তই এতিয়া বিজেপিলৈ আহি আৰ এছ এছৰ লগতে প্ৰধানমন্ত্ৰী মোদীক সন্তুষ্ট কৰিবলৈ উঠি-পৰি লগা দেখা গৈছে। এই অনুযায়ী দীনদয়াল বিতৰ্কৰ পিছত মন্ত্ৰীগৰাকী পুনৰ সোমাই পৰিছে আন এক বিতৰ্কত। এই বিতৰ্কত পিছে দীনদয়াল প্ৰসংগৰ দৰেকৈ গৰজি উঠাৰ পৰিৱৰ্তে ছোপ লৈ থাকিও হাঁহ ধৰিব নোৱৰা শিয়ালৰ দৰেকৈ সুৰসুৰকৈ পলায়ন কৰিবলৈ বাধ্য হৈ পৰে।