39
কলিয়াবৰঃ নগাঁও জিলাৰ কলিয়াবৰত সলিল সমাধি ঘটিল এজন যুৱকৰ৷ নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ হাটবৰৰ সমীপৰ বাসুদেৱবাৰী গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা। ঘৰৰ ওচৰৰ পুখুৰীত জলকেলি কৰোঁতে দুই বন্ধু পানীত ডুব যায়৷
স্থানীয়লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি জখলাবন্ধা গ্ৰাম্য চিকিৎস্যালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয় ভাৰত তামুলীৰ ১৮ বছৰীয়া পুত্ৰ কৌশিক তামুলী নামৰ যুৱকজনৰ।