41
জালুকবাৰীঃ মহানগৰীত পুনৰ উদ্ধাৰ নিচাজাতীয় সামগ্ৰী৷ আজি বিয়লি পানবজাৰ থানাৰ অন্তৰ্গত ২নং ৰেল গেটত উদ্ধাৰ হয় ১.১৭০ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ।
জহুৰা খাতুন নামৰ যুৱতী এগৰাকীৰ পৰা জব্দ কৰে আপত্তিজনক সামগ্ৰী খিনি। ভৰলু আৰক্ষীয়ে এক গোপন সুত্ৰৰ ভিত্তিত অভিযান চলাই এই সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷