65
নগাঁওঃ সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা নগাঁৱৰ ঘৃণনীয় কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বিভিন্ন দল-সংগঠনে চলাই আছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী৷
ইয়াৰ সমান্তৰালকৈ এক দুষ্ট চক্ৰই এই নগাঁও কাণ্ডক কেন্দ্ৰ কৰি বিয়পাইছে উৰাবাতৰি৷ যাক লৈ সাধাৰণ জনতা বহুক্ষেত্ৰত বিবুদ্ধিত পৰিবলগীয়াত পৰিছে৷ এনে উৰাবাতৰিৰ অংশ হিচাপে এই চক্ৰটোয়ে কৌশলেৰে প্ৰচাৰ চলাইছে যে কাইলৈ নগাঁও বন্ধৰ আহ্বান জনাইছে খিলঞ্জীয়া ঐক্য মঞ্চই৷