ডিব্ৰুগড়ঃ নগাঁও কাণ্ডক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য৷ খিলঞ্জীয়াৰ হৈ মাত মাতিবলৈ ৰাজপথলৈ ওলাই আহিল অসমৰ জনগণ৷ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ মাজতে বুধবাৰে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ উদ্যোগত কেইবা শতাধিক লোকে বুধবাৰে উত্তাল কৰিলে ডিব্ৰুগড় জিলাৰ চাবুৱা৷
হাতীঅালি চাহ শ্রমিকৰ সহযোগত হাতীঅালি, চাবুৱা, ডিকমত নগাঁওৰ প্ৰাক্তন অালফা সদস্যৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত বিশাল প্ৰতিবাদী সমদল অাৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰে সংগঠনটোৱে৷ আলফা জিন্দাবাদ, পৰেশ বৰুৱা জিন্দাবাদ, অসমীয়া জিন্দাবাদ আদি ধ্বনিৰে ৰাজপথ কপাই তোলে প্ৰতিবাদী জনতাই৷