অভয়াপুৰীঃ বৰবিহ নিৰমূলকৰণৰ প্ৰতিবাদত আজি অভয়াপুৰীৰ উত্তৰ শালমাৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ শেলুৱৈৰ দৰে বাঢ়ি অহা সুৰা বিপনীসমূহ বন্ধ কৰাৰ দাবীত বাখলগাঁও মহিলা সমিতি আৰু দুৰ্গা বাহিনীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
আনহাতে সুৰা বিপনি থকা স্থানৰ নিচেই কাষত দুটাকৈ ঐতিহ্যমণ্ডিত মন্দিৰ থকা স্বত্তেও প্ৰশাসনে কেনেকৈ ত্ৰৈলক্য ৰায়ক সুৰা বিপনি খুলিবলৈ অনুমতি প্ৰদান কৰিলে এয়া ৰহস্যজনক বুলি প্ৰশ্ন তুলিছে মহিলা সকলে। ইপিনে অঞ্চলটোত সুৰাৰ অবাধ প্ৰচলনে সামাজিক পৰিবেশ বিঘ্নিত হ’ব বুলি অভিযোগ কৰিছে স্থানীয় মহিলা সকলে।