হোজাইঃ হোজাইত আজি দুটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে, হোজাই চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ চাওতালবস্তিৰ ৰেল আলিৰ দাঁতিত আজি পূৱা এটি মৃতদেহ পৰি থকা স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰি ৰেল আৰক্ষীক খবৰ দিয়ে।
হোজাই ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি চাওতালবস্তিৰ গোপাল বিশ্বাসৰ পুত্ৰ বাবুল বিশ্বাস বুলি চিনাক্ত কৰে। ৩৫ বছৰীয়া যুৱকজনে কি কাৰণত মৃত্যুক সাৱটিব লগা হ’ল সেই সম্পৰ্কত আৰক্ষী নিশ্চিত নহলেও মূৰত স্পষ্ট আঘাত চিন থকাত পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত হত্যা নে দূৰ্ঘটনা আৰক্ষী নিশ্চিত হব পাৰিব।