ডিব্ৰুগড়ঃ জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ দীনদয়াল উপাধ্যায়ৰ নামত ৰাজ্য চৰকাৰে অহা চাৰি বছৰত মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা দল-সংগঠনে ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ নিতৌ দল-সংগঠনে ৰাজপথ উত্তাল কৰি থকা সত্বেও আকোৰগোজ হৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে তিনিখনকৈ মহাবিদ্যালয় স্থাপন কৰে দীনদয়াল উপাধ্যায়ৰ নামত৷
ৰাজ্যৰ দল-সংগঠনে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰি প্ৰতিবাদ আজিও অব্যাহত ৰাখিছে৷ জনমতক উপেক্ষা কৰি ৰাজ্যৰ বিজেপি, অগপ আৰু বিপিএফ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে তিনিখনকৈ মহাবিদ্যালয় দীনদয়ালৰ নামত প্ৰতিষ্ঠা কৰে৷