অভয়াপুৰীঃ আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ এছ বি আই শাখাৰ সন্মুখত দুজন যুৱকে বেংক কৰ্মচাৰীৰ পৰা দিন দুপৰতে লুটিলে নগদ ৫ লাখ টকা।প্ৰাপ্ত তথ্য মতে, আজি দুপৰীয়া প্ৰায় ২ বজাত অসম গ্ৰামীণ বিকাশ বেংকৰ বহলপুৰ শাখাৰ পৰিচালক আনোৱাৰ হুছেইনে নিজ কৰ্মৰত বেংকৰ বাবে প্ৰয়োজন হোৱা ৫ লাখ টকা এছ বি আই অভয়াপুৰী শাখাৰ পৰা উঠাই লৈ আহি এ এছ-০৫এফ-১৯২০ নম্বৰৰ ব্যক্তিগত আই টেন গাড়ীখনৰ চিটত থয়।
ঠিক তেনে সময়তে এজন যুৱকে আনোৱাৰ হুছেইনক তেওঁৰ টকা তলত পৰি থকা বুলি জনায়৷ তেতিয়া হুছেইনে তললৈ ঘুৰি তেওঁ কেইখনমান দহটকীয়া নোট পৰি থকা প্ৰত্যক্ষ কৰে যদিও পিছমূহুৰ্ততে বেংকৰ শাখা পৰিচালক জনে তেওঁৰ গাড়ীখনৰ ছিটটোত লক্ষ্য কৰি টকাৰ বেগটো নেদেখাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।