কলিয়াবৰঃ অসমীয়াৰ স্বাভিমান অসমীয়াৰ সন্মানত জুই দিলে তথাকথিত NSUI ৰ কৰ্মীয়ে। ৰূপহীত NSUI ৰ গুণ্ডাগিৰী। যি গামোচা অসমীয়াৰ অলংকাৰ¸ এই গামোচা পুৰি পেলালে একাংশ দুস্কৃতিকাৰী NSUIৰ পাৱতগজা তথাকথিত কৰ্মীয়ে।
খাকী পোচাকধাৰী আৰক্ষীয়েও জুই নুমুৱাবলৈ গৈ গামোচা গচকি পেলাবলৈ অকনো কুন্ঠাবোধ নকৰিলে। ইয়াৰ পাছতেই সৰ্বত্ৰে গৰিহনা¸ প্ৰতিবাদৰে মুখৰ হৈ উঠিছে ভিন্ন দল-সংগঠন। সকলোৰে এটাই দাবী অসমীয়াৰ স্বাভিমানত আঘাত হনা এই দুস্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।