শিমলুগুৰিঃ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিয়ে নাজিৰা মহকুমাধিপতিলৈ ভাৰতীয় ষ্টেট বেংকৰ শিমলুগুৰি গ্ৰাহক সেৱা কেন্দ্ৰত চলি থকা দুৰ্নীতিৰ বিৰোদ্ধে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সমিতিৰ সভাপতি বাবলু আলি আৰু সম্পাদক প্ৰণৱ সন্দিকৈ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা মতে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰি নগৰত ভাৰতীয় ষ্টেট বেংকৰ গড়গাঁও এডিবি শাখাটো অৱস্থিত।
এই শাখাটোৰ অধীনত এটা গ্ৰাহক সেৱা কেন্দ্ৰ শিমলুগুৰি অঞ্চলৰ ৩৫ নং প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত অৱস্থিত। এই কেন্দ্ৰটোত বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকে একাউণ্ট খুলিছিল।