জোনাইঃ অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ কেমি-ঐৰামঘাটৰ সমীপত অৱস্থিত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ জামপানী এখন বৃহৎ কৃষি ভূমি। ইয়াত চল্লিছ বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় শতাধিক অসমীয়া পৰিয়ালে কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰি আহিছে। এসময়ত হাবি জংঘলেৰে আৱৰা অৰুণাচলৰ জামপানী অসমীয়া খেতিয়কৰ হাড় ভঙা পৰিশ্ৰমৰ ফলত বৰ্তমান যিকোনো শাক পাচলি আৰু অন্যান্য খেতিৰ আদৰ্শ পথাৰত পৰিণত হ’ল।
ইয়াৰ পৰাই অসম-অৰুণাচল সীমান্তৰ বিভিন্ন ঠাইলৈ বহু কৃষিজাত সামগ্ৰী ৰপ্তানী কৰা হয়। অৰুণাচলী মাটিৰ গৰাকীৰ পৰা ভাগে ভাগে মাটি ভাড়া লৈ খেতি বাতি কৰি দশক দশক ধৰি সীমান্তত অসমীয়া আৰু অৰুণাচলী পৰিয়াল কেইটা নিজা ভাই-ককায়েকৰ দৰেই বসবাস কৰি আছিল।