79
ডিজিটেল ডেস্কঃ পুৰুষৰ সৈতে বন্ধুত্ব কৰি পিতৃৰ হাতত প্ৰাণ দিলে প্ৰাণ খুলি হাঁহিবলৈ ভালপোৱা এগৰাকী কিশোৰীয়ে৷ পুৰুষ তথা সমনীয়া কিশোৰৰ সৈতে বন্ধুত্ব কৰি পিতৃৰ পৰা উপহাৰ হিচাপে লাভ কৰে মৃত্যুদণ্ড৷ অনাৰ কিলিং সদৃশ এই জঘন্য ঘটনা সংঘটিত হৈছে তেলেংগানাৰ নালগদা জিলাত৷
জিলাখনৰ নালগদাত মঙলবাৰে ১৩ বছৰীয়া ৰাধিকা নামৰ কিশোৰীগৰাকীক হত্যা কৰে পিতৃয়ে৷ কিশোৰীগৰাকীয়ে সকলোকে মাত-কথা দিয়াৰ লগতে মৰমিয়াল আৰু বন্ধুসূলভ মনৰ আছিল৷