110
কোকৰাঝাৰঃ বিটিচিৰ বিধান পৰিষদীয় ভৱনত আজিৰে পৰা পুনৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ বিশেষ পৰিষদীয় অধিৱেশন ৷
উল্লেখ্য যে যোৱা ২৯ আৰু ৩০ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ শিক্ষা বিধেয়ক ২০১৭” ক লৈ বহু বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু বিধেয়কখন আলোচনা মৰ্মে সংশোধনী ৰূপত পুনৰ সদনত উপস্থাপন কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।