51
গৌৰীসাগৰঃ সোমবাৰে মদ ব্যৱসায়ীৰ বিৰুদ্ধে সক্ৰিয় হ’ল শিৱসাগৰ প্ৰশাসন৷ জিলা আৱকাৰী বিভাগে দিনজোৰা অভিযান চলাই অবৈধ মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ১৪৫টা গোচৰ ৰুজু কৰি ৯০জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত এটি দলে চলাই এই অভিযান৷ অলিয়ে-গলিয়ে গঢ়ি উঠা মদৰ ঘাটি সমূহত ব্যপক হাৰত মদ বিক্ৰি কৰাৰ ফলত এক উশৃংখল পৰিবেশে বিৰাজ কৰি আহিছে শিৱসাগৰত৷