ডিজিটেল ডেস্কঃ নহৰুৰ উপকাৰিতা সকলোৱে জানে৷ মানৱ দেহৰ বাবে নহৰু উপকাৰি৷ নহৰুৰ লগতে গাখীৰৰ উপকাৰিতা কিমান তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ কিন্তু নহৰু আৰু গাখীৰ মিহলাই খালে আপুনি চিকিৎসকৰ ওচৰলৈ যাবই নালাগে বুলি কোৱা হয়৷
আপুনি জানেনে নহৰু আৰু গাখীৰ একেলগে খালে কি হয়৷ এজমা ৰোগ প্ৰতিৰোধ হয়, নিউমোনীয়া নহয়, শৰীৰত Cholesterolৰ পৰিমাণ কম কৰে, তেজ জমা হোৱা বন্ধ কৰে, তেজৰ চলা-চল বৃদ্ধি কৰে৷ নহৰু আৰু গাখীৰ একেলগে মিহলাই নিয়মিত ভাবে খালে টুপুনি ভাল হয়, বিষ নিৰাময় হয়, কাহ ভাল হোৱাৰ লগতে যৌন ক্ষমতা বৃদ্ধি হয়৷