নলবাৰীঃ আজি চি আই টি ইউৰ উদ্যোগত নলবাৰী জিলাৰ বেংক, বীমা, টেলিকম, বি এছ এন এল, গাড়ী-মটৰ ইউনিয়ন আদি বিভিন্ন শ্ৰমিক-কৰ্মচাৰীৰ সহযোগত নলবাৰী নাট্য মন্দিৰত এখন শ্ৰমিক-কৰ্মচাৰীৰ জিলা অভিবৰ্তন অনুষ্ঠিত হয়।
চি আই টি ইউৰ নলবাৰী জিলা সভাপতি নৃপেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত অভিবৰ্তনৰ উদ্দেশ্য বাখ্যা কৰে জিলা সাধাৰণ সম্পাদক মহেশ্বৰ দত্তই। অভিবৰ্তনত মূখ্য বক্তা হিচাপে ভাষণ ৰাখি শ্ৰমিক নেতা শতঞ্জীৱ দাসে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰ সাধাৰণ জনতাৰ চৰকাৰ নহয় পুঁজিপতিৰ হে।