খাৰুপেটীয়াঃ এচ টি এফৰ ছয় জনীয়া দল এটাই শোণিতপুৰ জিলাৰ চামগুৰি বজাৰত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এজন চোৰাং চিকাৰীক। এচ টি এফৰ দলটোৱে চোৰাং চিকাৰী আব্দুল কাদিৰক আটক কৰি সোধ পোছ কৰি দৰঙৰ শ্যামপুৰ থানাৰলৈ আনে।
পিছত শ্যামপুৰ আৰক্ষী আৰু বন সুৰক্ষা কৰ্মীৰ সহযোগত এচ টি এফৰ দলটোৱে আব্দুল কাদিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা হামুৰ চৰত আব্দুল কাদিৰৰ ঘৰত অভিযান চলায়। উক্ত যুটীয়া অভিযান কালত আব্দুল কাদিৰৰ ঘৰত মাটিত পুতি থোৱা অৱস্থাত এটা ৰাইফল আৰু পাঁচ জাই সজীৱ গুলি উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।