গোৰেশ্বৰঃ ছিক্কিমৰ সুউচ্চ থিং চিং খাং শৃংগ সফলতাৰে আৰোহণ কৰা দলটোৱে শনিবাৰে পুৱাই গোৰেশ্বৰত উপস্থিত হয়৷ গোৰেশ্বৰ শিখৰ এডভেঞ্চাৰ ক্লাৱৰ নেতৃত্বত যোৱা দলটোক গোৰেশ্বৰত উপস্থিত হোৱাৰ পিছতে ৰাইজে উস্ম আদৰণি যাচে৷ টীম লিডাৰ জুলিমা ডেকাৰ নেতৃত্বত পূৰ্ণ ডেকা, মুনিন বড়ো, দিবাকৰ দাস আৰু ৰজিত বসুমতাৰীয়ে ২০,০১৩ ফুট উচ্চতাৰ থিংছিংখাং সফলতাৰে আৰোহণ কৰি গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্য খনলৈ৷
ৰাজ্যৰ পৰ্বতাৰোহনৰ ক্ষেত্র খনৰ বাবে এটি ভাল খবৰ। যোৱা ২ অক্টোবৰত গোৰেশ্বৰৰ পৰা ৰাওনা হোৱা শিখৰ এডভেঞ্চাৰ ক্লাৱৰ পৰ্বতাৰোহী দলটোৱে সফলতাৰে এই শৃংগ আৰোহণ কৰি শনিবাৰে গোৰেশ্বৰত উপস্থিত হয়। ক্লাৱৰ সদস্যৰ লগতে শুভাকাংক্ষী সকলে পৰ্বতাৰোহন অভিযান সফলতাৰে সামৰি অহা দলটোৰ প্ৰতিজনকে ফুলাম গামোচা পিন্ধাই উষ্ম আদৰণি জনায়।