দেৰগাঁওঃ যোৰহাট জিলাৰ সঞ্জীৱনী নাৰ্ছিংহোমে ৰোগীক হাৰাশাস্তি তথা মানসিক ভাবে অত্যাচাৰ চলাই আহিছে৷ এই গুৰুতৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ৷ সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে এই অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা উপায়ুক্তক প্ৰদান কৰিছে স্মাৰক পত্ৰ।
সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ সভাপতি সঞ্জয় চক্ৰৱৰ্ত্তী আৰু সচিব প্ৰধান সঞ্জীৱ হাজৰিকাই একাংশ লোকৰ অভিযোগৰ ভিত্তিত সংগঠনটোৱে জিলা উপায়ুক্তক এই অভিযোগ দিয়া বুলি উল্লেখ কৰে৷ সঞ্জীৱনী নাৰ্ছিংহোমৰ বিৰুদ্ধে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰি ৰোগীক চিকিৎসা কৰাৰ নামত অত্যাধিক ধন লোৱাৰ লগতে একাংশ ৰোগীক ভুল চিকিৎসা প্ৰদান কৰি অহা বুলি অভিযোগ কৰে সংগঠনটোৱে।